পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

তোমাৰ বচনে আক কৰিবো ৰক্ষণ।
ইজন্মে নিৰ্ভয় দিলো বুলিলো বচন॥
আউৰ জন্মে ইটো অঙ্গিকাৰ সাফলিবো।
কৃষ্ণ অৱতাৰে আৰ শিৰক ছেদিবো॥ ৩৯৯॥
কংশ বধিবাক কৃষ্ণে যাইবে মথুৰাক।
বস্ত্ৰ লৈয়া যান্তে কৃষ্ণে লাগ পাইব তাক॥
আগবাঢ়ি গৈয়া তাক খুজিবে বসন।
বস্ত্ৰ নিদি বহু নিন্দা কৰিবে তেখন॥৪০০॥
কৃষ্ণৰ যে তাঙ্ক লাগি ক্ৰোধ উপজিবো।
চৱৰ মাৰিয়া তাৰ শিৰক ছেদিবো॥
হেন শুনি ধোবা পাছে কাতৰ কৰন্ত।
প্ৰভূ ৰাম চন্দ্ৰ মোক দিয়ে শাপ অন্ত॥৪০১॥
মই মহা অজ্ঞানীৰ দোষ ক্ষমা কৰা।
শৰণাগতক প্ৰভূ দাস বুলি ধৰা॥
দৰিদ্ৰ বৎসল প্ৰভূ ভৈলন্ত সদয়।
ছিণ্ডি মুণ্ড সাৰূপ্যক পাইবিহি নিশ্চয়॥৪০২॥
ৰামৰ বচন আবে এহি মানে গৈলা।
ধোবাৰ বস্ত্ৰৰ কথা কহিবাক লৈলা॥
পীত বস্ত্ৰ আসি জানা সেহি বস্ত্ৰ ভৈলা।
এতেকেহে নাৰায়ণ ভূষণ কৰিলা॥ ৪০৩॥
সেহিসে ৰজকে ঐত বস্ত্ৰক ধুৱাইলা।
সাৰূপ্য মুকুতি সিটো ত্ৰাহি হেতু পাইলা॥
ঐত ৰঘুপতি নাম তাহান ভৈলন্ত।
শ্ৰবণ কীৰ্ত্তন কৰি বৈকুণ্ঠে গৈলন্ত॥৪০৪॥
বড়দোৱা থানে ৰঘুপতি মৃত্যু ভৈলা।
দুইদিন ভকত সকলে নজানিলা॥
তৃতীয় দিনত বলো ৰামে দেখিলন্ত।
হেন দেখি মোত পাছে কথা কহিলন্ত॥ ৪০৫॥

৬৫