পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্য ৰত্ন


নাৰায়ণ বচনক এহি মানে থওঁ।
তাহান জন্মৰ শুনা কাৰণক কওঁ॥
প্ৰথম তেৰাৱ পুত্ৰ জন্মি মৰিবেক।
নাৰায়ণ নৰৰ যি বীৰ্য্যে জানা তাক॥ ৩৭৪॥
মাধৱৰ মনে যত সংশয় আছিল।
গুৰুৰ প্ৰসাদ সিটো সমস্তে গুচিল॥
আৰু এক কথা পোছে প্ৰভূ ভগৱন্ত।
অনন্তৰ কথা মোত কৰিয়ো বেকত॥ ৩৭৫॥
কুণ্ডল কঙ্কণ এক অঙ্গে আসি ভৈলা॥
লাল মূৰল তনি কোনে আসি ভৈলা
শুনিয়া শঙ্কৰে পাছে মাতিলন্ত গুণি।
কহিবো কাৰণ সবে থাকা তুমি শুনি॥ ৩৭৬॥
অনন্তৰ মূল শক্তি মোৰ শক্তি হৈল।
পূৰ্ব্বত অনন্তে মোত প্ৰণতি কৰিল॥
তোমাৰ যে এক চিহ্ন আমাক দিয়োক।
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক॥ ৩৭৭
হেন শুনি প্ৰভূ পাছে বুলিলা বচন।
তোমাৰে আমাৰে জানা একে জীৱপ্ৰাণ।
দিবো চিহ্ন তোমাক পৰম ৰুচিকৰ।
শঙ্খ চক্ৰ গদা পদ্ম মোহোৰ হাতৰ॥ ৩৭৮
তুমি যেন মতে মোৰ শৰ্য্যাৰূপ ভৈলা।
পূৰ্ব্বে চাৰি চিহ্ন তুমি আমাত মাগিলা॥
প্ৰকৃতি পুৰুষ দুয়ো আমাৰ সমান।
সেহি দুয়োজনে আসি ভৈলা মোৰ প্ৰাণ৷৩৭৯
মোৰ অঙ্গে শক্তি তযু কৰ্ণৰ কুণ্ডল।
চক্ৰ গদা শক্তি আৰু লাঙ্গল মূষল॥
পদ্মৰ যে শক্তি জানা হস্তৰ কঙ্কণ।
এহি চাৰি চিহ্ন জানা কহিলো বচন॥৩৮০

৬০