পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

বড় দোৱা গ্ৰামে শঙ্কৰ স্বৰূপে
 কৃষ্ণ জন্মিবেক যাই।
তাহান সেৱক  হৈবা আসি তৈত
 দাস তন হৈবো মই॥
এহি বিদ্যাধৰে  পূৰ্ণানন্দ নামে
 নদীয়াল হৈবা যাই।
তোৰ ৰাধা নাম  হৈবেক তহিত
 তাৰ ভাৰ্য্যা হৈবি তই॥ ৩২৩॥
তথাপিতো তোক  হৰিবে নপাৰে
 নপুংসক সিটো হৈবো।
শান্তি হেন জানি  শঙ্কৰে তোহোক
 জান বান্ধাইবাক নিবে॥
সেহি তযু বাক্য  সাফলিয়া আমি
 শান্তিৰ চিন দেখাইবো।
পণ্ডিত সৱত  শান্তি বিচাৰিয়া
 কহিতো শান্তি নপাইবো॥ ৩২৪॥
অন্তেজ ফলত  শান্তি আছে হেন
 সমকে দৰস্তশাইবো।
বাৰ ভূঞা মাজে  পণ্ডিত সৱত
 শান্তি যে খুজি নপাইবো॥
সেহিসে কাৰণে  ৰাধিকা অহিত
 মুক্ষতৰ শান্তি ভৈলা।
পণ্ডিত সৱৰ  মুখে ছাই পেলাই
 পলৰে জল আনিলা॥৩২৫॥
ৰাধিকাৰ কুলে  সপ্তম পূৰুষ
 বৈকুণ্ঠক চলি যাইবো।
বোলো নিষ্ট কৰি  শুদ্ধ ধৰ্ম্ম ধৰি
 মোৰ পাশে থান পাইবো॥

৫২