পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমূল্য ৰত্ন

মহাদেৱৰ কথা এহি মানে গৈলা।
কালীৰ বৃত্তান্ত কথা কহিবাক লৈলা॥১৮৭
বৃক্ষ হন্তে জাম্প দিয়া হ্ৰদত পৰিবো।
মহাক্ৰোধে কালী পাছে জল উথালিবো॥
খোঁ‌ট মাৰি মৰ্ম্মস্থলে দংশিবিহি যাই।
বিষ লাগি হ্ৰদেপৰি থাকিবোহো মই॥১৮৮
মোৰ দুই পাৱে মেঢ়াই ধৰিবি তেখনে।
জাম্প দিয়া মাথে চৰিবোহো ৰঙ্গমনে॥
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশৰ চিহ্ন।
সাঞ্চা বান্ধি থাকিবেক তোৰ শিৰে চিহ্ন॥১৮৯
শুনিয়া মাধৱে পাছে বুলিলা বচন।
পাঞ্চ চিহ্ন কেন মতে সেৱয় চৰণ॥
চৰণৰ অগ্ৰভাগে শুক্লধ্বজ চয়।
শ্যামবৰ্ণ বজ্ৰ তাৰ কাষে প্ৰকাশয়॥১৯০
হৰিদ্ৰাৰ বৰ্ণ জানা তাহাৰ মধ্যত।
ৰক্তবৰ্ণ অঙ্কুশ সেৱে চৰণ তলত॥
তাৰ কাষে কালবৰ্ণ যৱ প্ৰকাশয়।
এহি পাঞ্চ চিহ্ন মোত উপাসা কৰয়॥১৯১
এহি পাঞ্চ চিহ্ন তোৰ শিৰত ৰহিলা
ৰমণ দ্বীপক পাছে সিটো চলি গৈলা॥
যিটো পূৰ্ণ নামৰ ৰাধা আসি ভৈলা।
শ্ৰীবৎস কৌস্তুভ মণি ৰূপিজে সেৱিলা॥১৯২
সবে গোপী এৰি মই তাঙ্ক লগে নিলো।
হাঠিতে নপাৰে পাছে কান্ধ পাতি দিলো॥
কাচি পাৰি মোৰ কান্ধে চৰিবাক যাই।
দেখি অন্তৰ্দ্ধান পাছে ভৈলো সেহি ঠাই॥১৯৩
তান চৰণৰ তলে আছিলো লুকাই।
গোপীগণে আসি পাছে তাঙ্ক দেখা পাই॥

৩১