পৃষ্ঠা:অমূল্য ৰত্ন.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেড়ম্বুৱ নৃপতি যে জানা একজন।
ভক্তে কহে তুমি হৰিচন্দ্ৰ একজন॥১১১॥
পৰমানন্দ মিৰি কুলে জন্মিলন্ত।
জয়ৰাম নাম ভোট কুলত ভৈলন্ত॥
চন্দ্ৰসাই নামে এক যবন জানিবা।
আৰো এক জন গাৰো গোবিন্দ শুনিবা ১১২
ভট্টদেৱ কদৰ্য্য ব্ৰাহ্মণ যে ভৈলা।
পূৰ্ব্বৰ সাধন্ত আসি তাঙ্ক লাগ লৈলা॥
সনেশ্বৰ নামে ৰাজা পূৰ্ব্বে আছিলন্ত।
বিপ্ৰসকলক আনি হোম কৰাইলন্ত॥১১৩
পূজাৰ দ্ৰব্যক অল্প চিদ্ৰক লগাইলা।
তাতে আসি কদৰ্য্য ব্ৰাহ্মণ যে ভৈলা॥
সেহি পূজা ফল আহি ওহিতো লভিলা।
জগদীশ মিশ্ৰে গৈয়া তহিতো পঢ়িলা॥১১৪॥
সুদাম যে বলৰাম হৰি ৰাম ৰাম।
শ্ৰীদামে আসিয়া জানা ভৈলা শ্ৰীৰাম॥
দামোদৰ গুৰু আবে বিপ্ৰ দামোদৰ।
কুৱলয় সাৰ জানা আত অনন্তৰ॥১১৫॥
বীৰভদ্ৰে ভীষ্ম ভৈলা জানিবা নিশ্চয়।
লোমান্ধ্ৰে বিদুৰ আত নাহিকে সংশয়॥
ভীষ্মকে জানিবা তুমি নৰ নাৰায়ণ।
বিশ্বকেতু চিলাৰাই কহিলো বচন॥১১৬॥
মৈত্ৰয়ীৰ অংশে জানা কণ্ঠযে ভূষণ।
ৰুক্ময়ে হৰিখা ইটো কহিলো বচন॥
উদ্ধৱৰ অংশে জনা বিয়াস কলাই।
মাধৱে বোলন্ত তান গতি আছে নাই॥১১৭
শঙ্কৰে বুলিলা পাছে মাধৱক চাই॥
বিয়াস বলাইৰ জানা কিছু দোষ নাই॥

১৭