পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমূল্যৰত্ন

⸺০⸺

পদ

জয় জয় দৈৱকী নন্দন সদাশিৱ।
যাত নিৰাশয় চৰাচৰ যত জীৱ॥
যিটো দেৱ সৰ্ব্বোত্তম দৈৱকী নন্দন।
শঙ্কৰ স্বৰূপে তেন্তে ভৈলা উৎপন॥১॥
প্ৰসঙ্গাদি কৰি পৰে ভক্ত সমম্বিতে।
অন্নক ভূঞ্জিল গৈয়া ভক্ত সমম্বিতে॥
ভোজন কৰিয়া তেহে গৃহে বসিলন্ত।
ভকত ঘুমাইবে তেহে আজ্ঞা কৰিলন্ত॥২॥
ভকত ঘুমাইছে পাছে আপুনি দেখিলো।
অদভূত দেখি পাছে বিমোহিত ভৈলো॥
দণ্ডৱতে চৰণত কৰিলো প্ৰণাম।
নিজ ভৃত্য বুলি মোক ৰখা নাৰায়ণ॥৩॥
মনুষ্য নহয় তুমি দেৱতো প্ৰধান।
মোক লগে লৈয়ো প্ৰভূ পশিলো শৰণ॥
এহি বুলি শুদ্ধ সেৱক মাধৱে প্ৰাৰ্থিলন্ত।
শুনি ব্ৰহ্মৰূপী গুৰু প্ৰসন্ন ভৈলন্ত॥৪॥
মোৰ আখি মুখ মুচিলন্ত তেতিক্ষণ।
জানিলোহো গুৰু ভৈলা আমাত প্ৰসন্ন॥
কৰযোৰ কৰি পাছে বুলিলো বিনয়।
ৰহস্য ভকতি মোত কৈয়ো কৃপাময়॥৫॥
শৰণ ভজন ভক্তি কহিয়ো আমাত।
যেন মতে তবু গুণ হোৱয় বেকত॥