পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(co) পুৰি মাৰিছে; কোনোমতে জীৱটো কলপ কলপকৈ আছে, তাতে আকৌ এইখন বিপদ। শুনি মোৰ কণ্ঠত ধাতু নাই আজি বিপাঙ্গত পেলাই ঈশ্বৰে জীৱটি হানি কৰে বুলিহে আছিলো। সেই দেখিহে বোলো মৰে৷-জীওঁ-সোঁ-আধিকৈ এবাৰ লাগিয়ে চামনে কি? অ! এইটো কি অ? অভিয়ে ওলালহি নে কি? পলা! পলা! উঃ! ৰাম ৰাম! নহয়! নহয়! গছজোপাহে। আজি চকুত চলিহাই ধৰিলে। গোটেই- এখন ছুঁয়া-ময়াহে দেখিছে৷। ইয়াত এনেকৈ সৰহ পৰ থাকিব নোৱাৰি; কেনেবাকৈ ওলাবহি পাৰে। অস্ত্ৰৰ অগ্নিয়ে চকু জলক-তপক লগাই দিলে। এতিয়া কলৈ যাওঁ? কেনি ⇒ যাওঁ? কেনেকৈ যাওঁ? নহয়, এই মৰা শ দুটাৰ মাজতে মৰা ভাও জুৰি পৰি জিৰাই লওঁ। প্ৰাণ অমূল্য ধন; তাক অনাহকত হেৰুওৱা টান। পিচে দেখি শুনি নি - এটা উপায় কৰি ইয়াৰপৰা যাব লাগে। [ মাজতে মৰা ভাও জুৰি পৰি থাকে ] - ১ সৈন্য—উঃ! প্ৰাণ যায়! পা—নী – পা – [ এটা গৰখীয়া লৰাৰ প্ৰবেশ ] গৰখীয়া— হেৰ কমল, ধিতাই, লিগিৰা, পাহৰা, বেগাই আহ। চুঙ্গাটোতে পানী এচুঙ্গা লৈ আহিবি। । [ চুঙ্গা লৈ চাৰিট৷ গৰখীয়াৰ প্ৰবেশ ] ২ সৈন্য – আই! মৰিলোঁ। পা—নী— [ মুখত পানী দিয়ে ]