(09) আপুনিয়েই তাৰ কাৰণ। আপোনাৰ অত্যাচাৰ বিধাতাই আৰু কিমান সহিব? আজি চন্দ্ৰ, সূৰ্য্য আদি দেৱতাসকলক সাক্ষী কৰি মোৰ লগত যুদ্ধ কৰক। প্ৰাণৰ ভয়ত নপলাব। বালক বুলি অবজ্ঞা কৰিব নালাগে। আজি ঘৰলৈ ফিৰি যোৱাৰ আশাটি এৰি থওক। বিধাতাই আপোনাৰ মৃত্যু মোৰ হাততহে লিখিছে। দুৰ্য্যোধন—কি, দুগ্ধপোষ্য বালক! তোৰ ইমান অহ- স্কাৰ! ইমান সাহ! আহ বাৰু। [যুদ্ধ আৰু দুৰ্য্যোধন পলায়ন ] অভি—ছিঃ! মহাৰাজ আপোনাৰে। এই কাম? লাজ নেলাগেনে? ইয়ালৈকে একছত্ৰী ৰাজাধিৰাজ হবলৈ পাণ্ডৱৰ লগত যুদ্ধ কৰিছে? এতিয়া আপোনাক মাৰিলে ৰাখে কোনে? থাক, যাওক। আজি কপাল ভাল; ভীমসেন ইয়াত নাই থকা হলে আজিয়েই ধৃতৰাষ্ট্ৰৰ জল-পিণ্ডৰ মূল মৰিল হেতেন। এনে ভীৰু, কাপুৰুষ, মূৰ্খ, নিৰ্ব্বোধ আৰু অহঙ্কাৰী মানুহ মই দেখা নাই। ছিঃ! এনেকৈয়ে ক্ষত্ৰিয় কুলত কলঙ্ক কালি সানি মানুহৰ আগত মুখ দেখাবনে? এনে ভয়াতুৰক মাৰিনো কি হব? যাওক গৈ বাৰু। দ্ৰোণাচাৰ্য্যৰ প্ৰবেশ। দ্ৰোণ—কি অভি! তই মোৰ তই মোৰ আগত মহাৰাজক ইমান অপমান কৰ। আহ আজি; মোৰ লগত যুদ্ধ কৰ। দুগ্ধপোষ্য শিশু এটাৰ ইমান ডাঙ্গৰ কথা! অভি—তেন্তে গুৰুদেৱ! একো দোষ নধৰিব। আপো- -নাৰ সেই চৰণ প্ৰসাদে অৰ্জ্জুন-পুত্ৰ অভিয়ে কাকো ভয়
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই