। (৫৬) তোক মাৰিলে আমাৰ কোনো ইষ্ট সিদ্ধি নহয়। বৰং ধৰ্ম্মৰাজে বেজাৰহে কৰিব। নেদেখিছ, যি কৰ্ণক মহাবীৰ বুলি কৌৰৱহঁতে ওফন্দাই লৈ ফুৰাই, সি মোৰ শৰৰ তেজ সহিব নোৱাৰি পলাই গল। মই তাক কত দুৰ্গতি কৰিলে। মই আজি হোক বধ কৰিম; ই নিশ্চয়। আজি নিশ্চয় কৰ্ণ শকুনিৰ মূৰ মোৰ হাতত যাব। তই নিশ্চয় জানিবি যে, আজি দুৰ্য্যোধনক হাতে গলে বান্ধি লৈহে মহাৰাজ যুধিষ্ঠিৰৰ আগত ওলাম গৈ। লক্ষণ—বাৰু দাদা! বৰকৈ ‘বাহাদুৰী কৰিব নালাগে আগেয়ে মোৰ হাতৰপৰা গা সৰুওৱা; পাচতো তিৰোতাৰ আগত দৰ্প কৰিবা গৈ। অভিবাৰু তেন্তে আহ। তোক নিশ্চয় যম-ঘৰলৈ পঠাম আজি। [ যুদ্ধ আৰু লক্ষণৰ মৃত্যু ] পদ্ম-অভি দাদা! বালক লক্ষণক মাৰিয়ে ফিৰি যাব পাৰিবা বুলি ভাবিব নালাগে। আহা বাৰু, তোমাৰ কিমান বল চাওঁ। [ যুদ্ধ আৰু পদ্মৰ মৃত্যু ] দুৰ্য্যোধন—পাপিষ্ঠ অভি! তই তই মোৰ দুই পুত্ৰক মাৰি ফিৰি যাবলৈ আশা কৰিছ নে? FIR অভি—মহাৰাজ! আপোনাক পালেই মোৰ অভীষ্ট সিদ্ধি হয়। আপুনিয়েই যত অনৰ্থৰ মূল। আপুনি আমাৰ পৰন শত্ৰু। কপট পাশা, বনবাস প্ৰভৃতি যত কষ্ট পাইছে। F
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই