পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( এ

কৰ্ণ--মহাৰাজ ! দ্ৰোণ একেবাৰে বুদ্ধ । ভাল শিক্ষা .

আছে গুণেহে ইমানকে ঠাৱৰিছে। তদুপৰি পাণ্ডৱলৈ তেওঁৰ । প্ৰগাঢ় স্নেহ ৷ মহাৰাজৰ আজ্ড| হলে মই এতিয়াই গাণ্ডীব ধনু আৰু বানৰধ্বজ খণ্ড খণ্ডকৈ কাঢ়ি গাণ্ডাবীৰ দৰ্প চুৰ্ণ কৰিম| ভীমৰ গদা তিল তিলকৈ কাটি সিংহনাদৰ মূৰতে বজাঘাত কৰিম ৷ যুধিষ্ঠিৰ, নকুল আৰু সহদেৱক নাগপ্াশেৰে বান্ধি আনি মহাৰাজৰ অভীষ্ট সিদ্ধি কৰিম, গুৰুৰ সাক্ষাতে ভাম অ্জুনৰ মূৰ কাঢ়ি মহাৰাজৰ ভয়ৰ কাৰণ দুৰ কৰিম : কাৰ সাধ্য কৰ্ণৰীবৰ হাতৰপৰ৷ পাণ্ডৱক ৰক্ষ৷ কৰে? উঃ! অঙ্গনাথৰ সাক্ষাতে হৃমান সৈন্য ক্ষয়! এই লাঞ্চনা এই , বিড়ম্বনা আৰু সহা হয় নে ? কৰ্ণই নিশ্চয় তেওঁৰ প্রতিজ্ঞা পালন কৰিব । পূবৰ সূৰ্য্য পশ্চিমে উদয়, হলেও তেওঁৰ প্রতিজ্ঞ৷ লৰিব নোৱাৰে ।

দ্ৰো৭--ৰাধাস্থ্বত কৰ্ণ! তই প্ৰলাপ নবকিবি ৷ তই পাঁচ পাণ্ডৱৰ্‌ কোন জনক যুদ্ধত পৰাস্ত, কৰিছিলি ? কোন যুদ্ধৰ ফলত অসঙ্গদ্ৰেশৰ ৰাজ্য পাই তোৰ ইমান দৰ্প ? ই তোৰ পাশ৷ খেল নহয় | যি কৌশলৰ বলত ৰাজ-সভাত যুধিষ্তিৰি আদি পাঁচ ভাই, যাজ্ঞসেনী আৰু হস্তিনাৰ ৰাজ্য

জিনিছিলি সেই কৌশল ইয়াত নাখাটে। দ্ৰোপদীৰ স্বয়ন্দৰত’

লক্ষ বজাৰে লগলাগি যি বীৰত্ব প্রকাশ কৰিছিলি তাক স্বচক্ষে দেখিছে"। উত্তৰ গোণ্ৰহত আৰু চিত্ৰসেন গন্ধৰ্ব্বৰ ৰণত তোৰ

গ্রতাপ বুজ৷ হৈছে । তোৰ কি সাধ্য যে ভীম বা অচ্জুনৰ