(95) Fis 558 অৰ্জ্জুন পুত্ৰ সামান্য বালক এটাই আপোনাৰ কি দুৰ্গতি কৰিলে। নিবস্ত্ৰ বালকৰ যুদ্ধত আপোনাৰ এই দুৰ্দ্দশা! এই পাপৰ পৰাই অৰ্জ্জুনৰ হাতত আপোনাৰ মূৰ যাব। নিলাজ প্ৰবঞ্চক, কুৰ বুধীয়া শকুনি! এই এটাই কুমন্ত্ৰণা তোৰপৰাহে হৈছে। এই তৰোৱালেৰে আজি তোৰ মূৰ কাটি পাণ্ডুকুল নিস্তাৰ কৰিম। ক্ষন্তেক ৰবি; নপলাবি। পলালেও অচিৰে নাক-কাণ কাটা গৈ, নানা দুৰ্গতি ভুঞ্জি নৰিবি। মৰিবি। পাপাচাৰী জয়দ্ৰথ! তোমাৰ মূৰ মাটিত বাগৰি ফুৰিব। ভীৰু দুশাষণ! এই পাপে ভীমে অচিৰে তোমাৰ ৰক্তপান কৰিব। কৃপ! গুৰু অশ্বত্থমা! আপোনালোকৰো এই ধৰ্ম্ম! আপোনা- লোকৰ এই কলঙ্ক যাবৎ-চন্দ্ৰ-দিবাকৰলৈ থাকিব। অভিমানী দুৰ্য্যোধন! আজি মই তোমাৰ বংশ নাশ কৰিলে৷; অচিৰে ভীমে ধৃতৰাষ্ট্ৰৰ বংশ নাশ কৰিব; কাৰে৷ ৰাখিবৰ সাধ্য নাই। দুৰ্য্যোধন— গুৰুদেৱ, মামা, সখি কৰ্ণ আৰু সহ্য নহয়। এতিয়াই ইয়াক বধ কৰা। জয়দ্ৰথ—মহাৰাজ! এই বালকক এতিয়াই বধ কৰিম, তাৰ নিমিত্তে চিন্তা নকৰিব। অভি! তই আজি আকৌ ঘৰলৈ যা আশা কৰিছনে? আজি তোৰ মৃত্যু ধুৰূপ। আহ, যুদ্ধ দে। FASTR পলায়ন ] [ যুদ্ধ আৰু সপ্তৰথাৰ অভি—উঃ! : শৰীৰ অবশ হৈ আহিল; শৰৰ বিষে ব্যথিত কৰিলে, ৰথ নাই, সাৰথি নাই, ধনু-অস্ত্ৰ নাই। গুৰু
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/35/%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%AC%E0%A6%A7_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf/page119-654px-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%AC%E0%A6%A7_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf.jpg)