পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৭) কৰ্ণ— সেনাপতিসকল! মই যি কওঁ শুনা। এইদৰে যুদ্ধ কৰিলে একো নহয়। তোমালোকৰ কোনোৱে শৰ কাটা, কোনোৱে ধনু কাটা, কোনোৱে সাৰথিকে মাৰা, কোনোৱে ৰথৰ ঘোঁৰাকে মাৰা; নইলে ইয়াক বিনাশ কৰা টান। দুৰ্য্যোধন বালক! তই আৰু দত্ত নকৰিবি। নিশ্চয় তোৰ আয়ু শেষ হৈছে। এই চা তোক যমঘৰলৈ পঠাওঁ। [যুদ্ধ আৰু সপ্তৰথীৰ পলায়ন ] অভি—[ তৰোৱাল হাততলৈ ] শ্ৰীমধুসূদন, বিপদভঞ্জন, জগত্তাৰণ শ্ৰীকৃষ্ণ! এই সময়ত এবাৰ দেখ৷ দিয়া; চক্ষু ভৰি তোমাৰ নৱ-দুৰ্ববাদল-শ্যাম ৰূপ চাই মন সুস্থ কৰোঁ। মাতা জগদম্বা! কৃপা কৰি আশীৰ্বাদ কৰা, যেন বিপদে মোক কৰ্ত্তব্যৰপৰা বিমুখ কৰিব নোৱাৰে। [[ সপ্তৰৰ্থীৰ প্ৰবেশ ] অভি—কি! আকৌ আহিছে! আপোনালোকে আজি ভূত পিশাচৰ আচৰণ কৰিবলৈকো কুণ্ঠিত নহল। আজি চন্দ্ৰ - সূৰ্য্য, প্ৰভৃতি দেৱতাৰ শপত, এইবাৰ নপলাব। গুৰুদেৱ!

  • া আপুনি - ধৰ্ম্মপৰায়ণ হৈ

ধৰ্ম্মপৰায়ণ হৈ এনে মহাপাপ আচৰিবলৈ ভয় নকৰিলে। সপ্তথা "মিলি নিৰস্ত্ৰ বালক এটিক বধ কৰি- - বলৈ আপোনাৰ ইমান যত্ন এই আপোনাৰ বীৰত্ব! এই আপোনাৰ ক্ষত্ৰীয় ধৰ্ম্ম! এই পাপে আপুনি অচিৰে ধ্বংস কাচপায়। অঙ্গৰাজ! আপোনাৰ দৰ্প। কলৈ গল ? ছিঃ এই বীৰত্বেৰে অৰ্জ্জুনক মাৰিবলৈ প্ৰতিজ্ঞা কৰিছিল! এতিয়া MP3 F