( 98 ) আৰু শ্ৰীকৃষ্ণৰ ভাগিনও মিছা। তাতকৈ যুদ্ধত কাজেই বিপদৰ সময়ত ধৈৰ্য্য ধৰাহে উচিত; ত ধৈৰ্য্য ধৰাহে উচিত বিপদি ধৈৰ্য্যমথাভ্যূদয়ে ক্ষমা। সদসি বাকপটুতা যুধি বিক্ৰমঃ। যশসিচাভিৰুচিৰ্য্যসনং এতৌ। প্ৰকৃতিসিদ্ধমিদং হি মহাত্মনঃ। মৰা ও ভাল কাৰণ :— [ ফুটাই ] মহাৰাজ! মোৰ হাতত পৰাস্ত হৈ আপো- নালোকো ক্ৰমে চাৰি বাৰ পলাল, তথাপি আকৌ আহিবলৈ লাজ নালাগিলনে? আপোনালোকৰ জীৱন ধিক; শতবাৰ ধিক! মই যদিও বয়সত বালক, তথাপি ৰণ-কৌশলত আপোনালোকতকৈ বহুত প্ৰাচীন। আজি মোৰ হাতৰপৰা প্ৰাণ লৈ যাব পাৰিব বুলি আশা নকৰিব। আপোনাৰ লাজ - থকা হলে ইমান পৰে নদী বা অগ্নিকুণ্ডত ঝাপ নিৰিল হেতেন। সপ্তবথা মিলি অন্যায় যুদ্ধত মোক পৰাত কৰিব পাৰিব বুলি আশা কৰিছে হয়, কিন্তু সি কেতিয়াও হব নোৱাৰে। পতঙ্গ দেখি সিংহে ভয় খাইনে? মই সপ্তৰথীক তৃণবৎ জ্ঞান কৰোঁ। যদি আপোনালোকৰ জীৱ- নত অলপো আশা আছে, তেন্তে মোৰ হাতত পৰাজয় স্বীকাৰ কৰি ঘৰলৈ যাওক; নহলে এইপাট শৰেৰে এতি- য়াই সকলোৰে প্ৰাণদণ্ড কৰিম। দুৰ্য্যোধন—কি কলি নিৰ্ব্বোধ! আমাৰ প্ৰাণদণ্ড কৰিবি ইমান সাহ? কি ক'ম; লৰা বুলি মৰমত ইমান পৰলৈ
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/35/%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%AC%E0%A6%A7_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf/page110-645px-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%AC%E0%A6%A7_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf.jpg)