পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিতা


অ' জিকাফুলী
পথাৰত উজলি
কিনো দাই আছিলি ধান.......

কোনখন সাঁকোৰে পাৰ হ'লে পায়
ভৰুণ গাভৰু আঘোণৰ
ৰাগি লগা হাঁহি
কোনখন কাঁইটীয়া জাৰণিৰ সিপাৰে থাকে
সোণবৰণীয়া সুগন্ধি
শইচৰ ঢৌখেলা শীতল পাটি
স্মৃতিৰ নদীৰে উজাই গলে
পায় নেকি
কালৰ জখলাৰে নামি গ’লে
পায় নেকি
সোণৰ খনি
ৰূপৰ খনি
দোঁ খোৱা লাহৰী সুৱাগমণি?

অ’ মনেতৰা
অথনিৰে পৰা
আঁচুসূতা বাচি
ৰচিছ কোন সৰগৰ তৰা...

২৪ / অনুচ্চ আৰ্তি