পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাহানিতে তুমি দিয়া শব্দৰ কঠীয়াখিনি
টোম সাজি সযতনে আজিও ৰাখিছোঁ সাঁচি
মাজে মাজে সিহঁতৰ সৈতে কৰো অন্তৰঙ্গ আলাপ
জুখি চাওঁ সিহঁতৰ ওজন আৰু উত্তাপ
শুঙি চাওঁ শৰীৰৰ কণকচম্পা গোন্ধ।

জানো মই, মইতো নহয় ‘ময়’
কাৰেং সাজিবলে’ কাৰিকৰ মায়াময়
তথাপিতো বাৰে বাৰে উভতি যাওঁ
সপোনৰ ৰুৱা কামী লৈ
পণবন্দী প্ৰাচীন সেই প্ৰসূতিগৃহলৈ।

২০/ অনুচ্চ আৰ্তি