পৃষ্ঠা:অনিমা গুহ.pdf/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইছলাম। তেওঁ আছিল নেলী গণহত্যাৰ বলি এহাল পিতৃ-মাতৃৰ সন্তান। দুই-আঢ়ৈ ঘণ্টাৰ হত্যাকাণ্ডই কিশোৰ নুৰুলৰ জীৱনটোক ওলট-পালট কৰি দিছে। তেজৰ নৈৰ মাজত সিদিনা কিশোৰজনে আৱিষ্কাৰ কৰিছিল নিজ পৰিয়ালৰ তেৰজন সদস্যৰ ছিন্ন-ভিন্ন প্ৰাণহীন দেহ। খুড়ীয়েকৰ শিশু সন্তানটিক দেখিছিল মাকৰ নিষ্প্ৰাণ দেহত বহি পিয়াহ খাই থকা। এখন্তেক থমকি ৰৈ শিশুটিক তুলি লৈছিল কোলাত। এই মানসিক আঘাত কেনেকৈ সহ্য কৰিলে নুসুধিলো জানোচা পুৰণি স্মৃতিয়ে তেওঁক আঘাত দিয়ে। জাগীৰোড কলেজৰ গ্ৰেজুৱেট নুৰুলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সমাজসেৱা কৰি আছে।

 কবি তোষপ্ৰভা কলিতাই তেওঁৰ ‘ছিন্নমূলৰ গান' কবিতাটো নুৰুল ইছলামক উদ্দেশ্য কৰি ৰচনা কৰিছে। কবিৰ ‘নিৰ্বাচিত কবিতা’ত প্ৰকাশিত কবিতাটোৰ প্ৰথম চাৰিটা শাৰী আছিল এনেধৰণৰ—

‘ৰুলে নে নুৰুলে তেজৰ বোকাত সুৱাগমণিৰ কঠীয়া
পালে নে ঘূৰাই সহোদৰ ভাই ভাঙি অথাউনি পানী
কোনে পঢ়ি দিব আখৰ নথকা কাগজৰ সেই বতৰা
দিলেনে ঘূৰাই জলকোঁৱৰে কমলা কুঁৱৰী জননী?...

 এছ অ’ এছ গাঁৱত বিকল্প মাতৃৰ উমত লালিত-পালিত হৈ নেলী হত্যাকাণ্ডত অনাথ হোৱা কেইবাটাও শিশু আজি চিকিৎসক, অভিযন্তা, প্ৰবক্তা আদি বিভিন্ন বৃত্তি গ্ৰহণ কৰি জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। স্বাভাৱিকতে মনত প্ৰশ্ন জাগিছিল এওঁলোকে আৰ্থিক সাহায্য পায় ক’ৰ পৰা। নুৰুল ইছলামে মোৰ কৌতূহল নিবৃত্তি কৰিলে ইয়াকে কৈ যে এই পৃথিৱীত বহু দাতা আছে। তেওঁলোকে ঘাইকৈ আৰ্থিক সাহায্য লাভ কৰে ইউৰোপীয় দেশসমূহৰ পৰা। ভাৰত আৰু অসমৰো অনেক সহৃদয় ব্যক্তিয়ে নিয়মীয়াকৈ দান আগবঢ়ায়। হোজাইৰ স্থানীয় বিত্তশালীসকলেও মুক্ত হাতেৰে দান কৰে। এওঁলোকৰ অনেকে একো একোজন ল'ৰা-ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব লয়। জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত এছ অ’ এছ গাঁৱৰ কৰ্ম-কৰ্তাসকলে তেওঁলোকৰ বিয়াও পাতি দিয়ে। মাটি-বাৰী কিনি ঘৰ সাজিবলৈ আৰু পুৰণি আত্মীয়-স্বজনৰে সম্পৰ্ক স্থাপন কৰিবলৈ সহায় কৰা হয়।

 আজিৰ আত্মকেন্দ্ৰিক, অৱক্ষয়প্ৰাপ্ত দুৰ্নীতিসৰ্বস্ব সমাজখনক দেখি মানুহৰ ওপৰত আস্থা হেৰুৱাইছিলো। হোজাইৰ এছ অ’ এছ গাঁওখন পৰিদৰ্শন কৰি উপলব্ধি কৰিছো সকলো মানুহে মনুষ্যত্ব হেৰুৱাই পেলোৱা নাই। পৃথিৱীক বাসযোগ্য কৰি ৰাখিছে

বাকীছোৱা জীৱন /১৬১