পৃষ্ঠা:অদৃষ্ট.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আৰু অমিতা এটা আনি বাবাজীৰ আগত দিলে; পানী এঘটিও আনিলে । তাকে দেখি বাবাজীয়ে ক’লে,-“মৈ কভী কভী সামান্য ভোজন কৰ লেতা হুঁ । ৱহ ভী যদি কোই বড়া ভক্তি সে মহীনে দোঁ মহীনেকে অন্ত মে দে তব । আজ এক মহীনা সাত দিন কুছ নহীং খায়া । আজ তুমনে ভক্তিসে দিয়া হৈ । নহীং খানেসে তুমকো কষ্ট হোগা । ইসলিয়ে কেলে হী খাতা হুঁ৷”
   এই দৰে কৈ বাবাজীযে কল এই গুচাই তাৰে এডোখৰ ওচৰত থকা ছাগলী পোৱালী এটাক দি বাকী ডোখৰ খালে । তাৰ পাচত এচলু পানী খাই কলে,— ”চবকৈ লিয়ে হো জায়গা, অৱশিষ্ট লে যাও । ইতনী বস্তু য়ে সাল ভৰ মৈ ভী নহী জাতী।”
   তাৰ পাচত নৰায়ে ৰূপ এটকা আৰু কম্বল এখন দি সেৱা কৰি ক’লে – “দুখীয়াৰ ঘৰত দয়া কৰি পদধূলা দিছে, ইয়াকে গ্ৰহণ কৰক ?”
   বাবাজীয়ে ক’লে,—“ৰূপয়োংসে ক্যা কৰূংগা ? কম্বলভী মুঝে ক্যোং চাহিয়ে । তুম মুঝকো তুমলোগোংকী তৰহ সমঝ- তে হো ক্যা ? তুম কুছ নহীং জানতে । মৈ য়োংহী তুম পৰ খুশ হুঅা হুঁ । য়ে লে জাও । যদি দেনা চাহতে হো তো জিসকা অভাৱ হৈ উসকো দেনা । ধৰম হোগা ”
   নৰাই । যদি আপুনি সন্তুষ্ট হৈছে তেন্তে মই যাতে কোনো বস্তুৰ অভাবত নপৰোঁ তাৰ কিবা এটা উপায় দি যাওক ।