পৃষ্ঠা:অদৃষ্ট.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   নৰাই। কি! কি কৰিবি! বাপেৰৰ দিনত হাল বাওতেই গ’ল; এতিয়া ভেকুলীয়ে পানী পালি।
   “কটা। বৰীয়া! তই মোৰ ঘৰতে দেখোন বৰকৈ ফকফকাৱ।” বুলি সৰ্ব্বেশ্বৰ বামুণৰ গালৈ খেদা মাৰি গ’ল৷ গতি বিষম দেখি নৰাই বেগাবেগিকৈ তাৰ পৰা আঁতৰ হ’ল। বহুতো আঁতৰৰ পৰা ক’লে,-“তই হতচিৰী হবি, ভেটিত তিতালাও গজিব। আজি তই থাক, মই দেখিম তই কেনেকুৱা শূদিৰ।”

______