এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দুৰ্ঘটনাৰ পিচ দিনাই দয়াৰাম ঘৰ পোৱাৰ কথা আছিল।
সেইমতেই সুভদ্ৰা আৰু কপাহীয়ে বাট চাই আছিল । দয়াৰাম
আবেলিতে পাবহি বুলি তেওঁলোকে ভাবিছিল । কিন্তু
আবেলি নালাগে গধূলিও তেওঁ নাহিল। মটৰ অহাৰ সময়
কেতিয়াবাই গ’ল । তেওঁ যে মটৰত অহা নাই সেইটোত
সন্দেহ নাই । “কি জানি মটৰ ধৰিব নোৱাৰি খোজ কাঢ়ি
আহিছে! নহ’লে ইয়াত নোসোমাই নিজৰ ঘৰলৈকে গ’ল
বা।”-এনেদৰে ভাবি চিন্তি তেওঁলোকে বহুত সময় কটালে ।
তাৰ পাচত কিজানি ওলাবহিয়েই বুলি সুভদ্ৰা ভাত
ৰান্ধিবলৈ গ’ল ।
ৰন্ধা হলতো তেঁওলোকে কিছু সময অপেক্ষা কৰিলে ।
কিন্তু দয়াৰাম নাহিল। তেতিয়া মাক-জীয়েকে ভাত খালে
আৰু শয্যাৰ আশ্ৰয ল’লে। তেতিয়া ৰাতি দুপৰ হৈছিল।
পাটীত পৰিও তেওঁলোকৰ টোপনি নাছিল । তেওঁলোকৰ
চিন্তা":—দয়াৰাম বিয়াৰ বিষয়ে আলচ কৰিবলৈ ভিনীহিয়ে-
কৰ ঘৰলৈ গৈছে । ভিনীহিযেকে বা আকৌ কি কব