পৃষ্ঠা:অদৃষ্ট.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মৃতকৰ ইচ্ছা

   কথা বতৰা ঠিক হোৱাৰে পৰা দয়াৰাম মাজে সময়ে জালিৰ ঘৰলৈ আহি গৈ থাকে, কেতিয়াবা তাতে খায়, কেতিয়াবা ৰাতি হ’লে তাতে থাকেও ।
   কিন্তু ঈশ্বৰৰ কি ইচ্ছা কোনেও ক’ব নোৱাৰে। বিয়ালৈ ঘাৰ দিন থাকোঁতেই হঠাৎ জ্বালিৰ জ্বৰ হ’ল আৰু তিন দিন জ্বৰত ভুগিয়েই দেহা এৰিলে। আকৌ সুভদ্ৰা আৰু কপাহীৰ হাহাকাৰ লাগিল। বিয়া পৰিল ।
   জালিৰ প্ৰেতকাৰ্য্য হৈ যোৱাৰ পাচত হালিয়ে বৌয়েকৰ ওচৰ চাপি আকৌ ককায়েকৰ আগত কোৱা কথাকে দোহা- ৰিলে । তাৰ লগতে ক’লে,—“ককাই মৰিছে, মই আছোঁ । তোমালোকৰ ভালৰ নিমিত্তে মই নাভাবি নোৱাৰোঁ.। সেইহে কৈছোঁ চপনীয়া ৰখাৰ কথা এৰি দিয়া । দয়াৰামতকৈও ভাল অথচ ধনী মানী লৰা মই ঠিক কৰিম । কোনটা ভাল, কোনটো বেয়া ভালকৈ এবাৰ ভাবি চোৱাঁ ।
   সুভদ্ৰাই ক’লে—“কি ভাল, কি বেয়া এতিয়া ভাবিবলৈ যোৱা মিছা । মৃতকৰ ইচ্ছা পূৰ নকৰিলে তেওঁক সিপুৰীতো দুখ দিয়া হ’ব । কপালী অাৰু দয়াৰামেও তেওঁলোকৰ বিয়া হ’ব বুলি আগৰে পৰা জানে। এতিয়া তাক ভাঙিব নোৱাৰি । মই কোনোমতেই দয়াৰামৰ বাহিৰে আনক ছোৱালী নিদিওঁ।”
   হালি আকৌ বিফল-মনোৰথ হ’ল । সুভদ্ৰাই এজন পণ্ডিতৰ হতুৱাই দিন বাৰ চোৱাই বহাগৰ চৌবিশ তাৰিখে বিয়া পাতিবলৈ স্থিৰ কৰিলে।