পৃষ্ঠা:অঞ্জলি.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
অঞ্জলি


কেতেকী

⸺:০:⸺


নতুন বছৰ নতুন লগৰী
 আহিলি কেতেকী তই,
লগত বসন্ত, মুখত ‘কেতেকী’
 গধূলি মলয়া বয়।
মাজে মাজে তোৰ  ‘কেতেকী কেতেকী’
 হাবিৰ মাজত শুনি
শুৱলা মাতত মোহ লাগি মই
 থাকোঁ কত কথা গুণি।
তয়েই কেতেকী, বসন্ত-জীয়াৰী,
 প্ৰকৃতি দেৱীৰ কবি,
মউ সনা মাত শুনোচোঁঁ এবাৰ
 ডালত খন্তেক ৰবি।
বৰষিছে তোৰ অমিয়া মাতত
 ধাৰেৰে প্ৰেমৰ ৰস,
কেউ পিনে শুনো তোৰ নাম-গীত
 বতাহতো তোৰে যশ।