পৃষ্ঠা:অঞ্জলি.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
অঞ্জলি


মাজত কুঁৱৰী  জোন আছে বহি
 শুৱাই ৰাণীৰ পাট।
বায়ু সাগৰত ওপঙি ফুৰিছে
 নিয়ৰ কণিকা জৰি,
ৰিণিকি ৰিণিকি  জিলিকিছে চোৱাঁ
 ৰূপালী কিৰণ পৰি।

বাকিছে নিজৰ অমিয়া কিৰণ
 জগত বোৱাই ঢালি,
ব্যাপিছে সকলো বন,উপবন,
 পৰ্ব্বত, সাগৰ, বালি।

ইফালে সিফালে  বায়ুৰ লগতে
 ৰঙচুৱা বগা পাহি,
গছে গছে চোৱাঁ  তাৰে ফিৰিঙটি
 পৰিতে উফৰি আহি।

যেন জোনবায়ে পোহৰ স্বৰূপে
 সকলোতে নিজে পৰি,
কৰিছে চেনেই  জড় জগতক
 সাদৰে সাৱটি ধৰি।