পৃষ্ঠা:অঞ্জলি.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
অঞ্জলি


বুলিলে পিচত,—“তুমি ফুলনি মাজত,
চন্দ্ৰৰ দৰেৰে হাঁহি আছিলাহি বহি,
মই আহি ৰাহুৰূপে গাসিলো ই শোভা,
তোমাৰ বিচ্ছেদ দুখ তিলেকো নসহি।’
“নহয় নহয়,”—বুলি কৰিলে উত্তৰ,—
“আছিলো প্ৰতিমা মাথো প্ৰকৃতি ৰাজ্যত,
তুমি আহি হৃদয়ত অৱস্থান কৰি,
কৰিলা প্ৰতিস্থা মোক দেৱী আসনত।”



জোনবাই

⸺০⸺



চোঁৱাচোঁ’ উঠিছে নীল আকাশত
 জেউতি জোনৰ গাৰ;
তলত জানৰ নিৰ্ম্মল পানীত
 পৰিছে ছাঁয়াটি তাৰ।
কিয়নো নাচিছে কেউপিনে বেৰি
 নক্ষত্ৰ সকলে তাত,⸺