পৃষ্ঠা:অঞ্জলি.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অঞ্জলি

বিভোল
—:•:—

দুৱাৰ মুখত আহি একে থিৰে ৰই
কাৰ কথা ভাবিছা মনত,
আউজিছা গম নাই, আছা থিয় হই,—
চকু দুটি আছে আঁতৰত?

বাহিৰৰ পৰা একো কথা মনলই
সোমাবৰ বাট পোৱা নাই,
মেলা চকু,— দেখা নাই, মাত কাণলই
সাহ কৰি চাপিও নাযায়৷

ইমান প্ৰৱল আজ শকতি মনৰ
আন একো নোৱাৰা ভাবিব,
ইমান প্ৰখৰ আজি চিন্তাৰ পোহৰ
কতো একো নোৱাৰা মনিব।

কি ভাবিছা জনা নাই, বিভোল ভাবত
মন আছে ক'ৰবাত গই,
তেজহীন বলহীন আজি চকু-কাণ,
জীৱ নাই, ভেল আহা লই।