পৃষ্ঠা:অঞ্জলি.djvu/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অঞ্জলি

ল’ৰাকাল

কত দিন হই গ’ল পাহৰিলো আৰু,
নপৰে মনত সেই ল’ৰালিৰ কথা;—
এই দৰে মাৰ যায় কালৰ লগত
জীৱনৰ একো অংশ জীৱনতে গঁথা।

আছিল এদিন এই সংসাৰ অমিয়া
নাচিছিলো নিৰমল লভি কত সুখ,
যি পিনেই চাইছিলো দেখিছিলো মাথো
সুন্দৰ জগত খনি নাই ক’তো দুখ।

“ল’ৰাকাল জীৱনৰ মূৰত বসতি”
বুলি কয় জ্ঞানী জনে সেই কাৰণেই
হ’ব পায় ভাল দেখি আহিলো উধাই
শেহল’কো এইদৰে পাবৰ মনেই।