পৃষ্ঠা:অঞ্জলি.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
অঞ্জলি


ৰাম-মোহন

পচিমৰ সূৰ্য্য উদি পূব ভাৰতত
ঢালিছিলে জক্‌মক্‌ যেতিয়া পোহৰ,
যেতিয়া সতীৰ মাত, জ্বলন্ত দুখৰ,
ডুবিছিল তাল-মৰা ঢোলৰ মাতত।

যেতিয়া সত্যৰ নাম নুমাব খুজিলে,
অধৰম, অনাচাৰ ধৰ্ম্মৰ নামত,-
তেতিয়া যিজন আহি মহা-আদেশত
প্ৰাচীন বেদৰ পথ দেখুৱাই দিলে।

আজিও ভাহিছে দেৱ, হিয়াৰ মাজত
তোমাৰ জীৱন স্মৃতি, মৰিও অমৰ!
বাজিব লাগিছে বীণা তোমাৰ লগৰ,
বলিছে তেজৰ সোঁত সিৰৰ মাজত।

নেভাবিম সংসাৰত পাৰ পালোঁ বুলি,
নোৱাৰিম নিজে গই ফুল ছটিয়াই
তোমাৰ সমাধি চকু-পানীৰে তিয়াই
দেখুৱাব ভক্তি মোৰ হিয়া খনি মেলি।