পৃষ্ঠা:অঞ্জলি.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
অঞ্জলি

স্বৰগৰ দেৱী তুমি বায়ুপথগামী,
 ইয়ালই আহিলানো কিয়?
তোমাৰ লাৱণি গুণ কি বুজি আমি-
 আমি পাপ পৃথিবীৰ জীৱ।
নোহোৱা নোহোৱা তুমি এই পৃথিবী,
 নাই তুল্য তোমাৰ ৰূপৰ;
দেৱৰাে দুৰ্ল্লভ তুমি, অমৰাৱতীৰ
 এপাহি কুসুম মৰমৰ।
খোজেপতি বুজ দিয়া, মৰম সাদৰি!
 কয় বহু একোষাৰ মাতে;
সন্দেহ মনত মোৰ-আহিলা পহৰি
 অপেস্বৰি ক’ৰবাৰ বাটে।