পৃষ্ঠা:অঞ্জলি.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অঞ্জলি

সপোন

—০—

নীলৰ মাজেদি বিৰিঙিছে ৰঙা আঁহ,
মাৰ যায় সূৰ্য্যদেৱ লোহিত-মোহিত,
পচিম আকাশ খনি গোটেই ৰাঙলী
সন্ধিয়া বেলিকা, আহা, কিনো আচৰিত।


বহুল পথাৰ খনি ঘাহেৰে শুৱনি,
বলিছে ওপৰে তাৰ মৃদু সমীৰণ;
ৰাঙলী শ্যামলী দুয়ো ওপৰ তলত
বিস্তাৰিছে আপোনাৰ বিদায় কিৰণ।


হেঁপাহেৰে আছোঁ চাই পচিমৰ পিনে—
কতনো দুৰাশা মোৰ উদিছে মনত,
দেখিছো তাতেই যেন বিশ্বৰ মূৰতি,
উদিছে ভক্তিৰ ভাৱ মোৰ হৃদয়ত।


এনে সময়তে যেন কোমল মাতেৰে,
মাতিলেহি কোনোবাই আহি ওপৰত,
কোন বুলি মূৰ দাঙি লৰা-লৰিকই
চাওঁমানে অন্তৰ্হিত হ'ল বতাহত।