পৃষ্ঠা:অঞ্জলি.djvu/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
অঞ্জলি


মাৰ গ'ল সিসকল তোমাৰ লগত,
এতেকে নেপাম আৰু এই জগতত।
ওপৰত নক্ষত্ৰৰ চকু-পিৰিকিনি,
তলত আকৃতি তাৰ জোনাকী পৰুৱা
সকলোৱে পোহৰাব কৃষ্ণ-পক্ষ নিশা,
বন্তিয়ে পোহৰ দিব আন্ধাৰ ঘৰুৱা;
মোৰ কিন্তু অন্তৰত চিৰ নিশা হ'ল,
কৃষ্ণ পক্ষ নিশা দুয়ো চিৰকাল ৰ'ল।
আগেয়ে যাওঁতে যদি কিবা এটি শুনো,
তুমি আহিছানে বুলি ঘূৰি-পকি চাওঁ,-
এতিয়াও শুনো যদি কৰবাত মই
খন্তেক আগৰ কাল ঘূৰুৱাই পাওঁ;
যেতিয়া বিৰহ-দুখ পৰিব মনত
দুগুণে বেজাৰ জলি উঠে অন্তৰত।
নাই মোৰ জীৱনত একো কাম নাই,
অৰাজক হিয়া মোৰ নথকাত ৰাণী;
পুৱা উঠি সন্ধ্যা বেলা তুমি অস্ত গ'লা
নিয়ৰ স্বৰূপে মই টোকোঁ চকু-পানী;