পৃষ্ঠা:অঞ্জলি.djvu/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
অঞ্জলি


গ’লা তুমি, গ’লা গুচি নেভাবিলা মোৰ
তুমি অবিহনে শোক নপৰিব ওৰ।
জীৱ জন্ত সকলোৱে চৰিছে ৰঙত,
মানুহে কৰিছে নিজ কাম আলোচনা,
চৰায়ে গাইছে গীত ফুলনিত পৰি,
কুলিয়ে টানিছে ৰাগ পঞ্চ-সুৰ ধৰি;

ময়েনে তোমাৰ মুঠে অভাব বুজিম—
ময়েনে কেৱলে শোক তোমাৰ ভুগিম?
যেতিয়া বসন্ত দেৱী আপুনি লুকাব,
গছৰ গোলাপ ফুল গছতে শুকাব,
বিলত পদুম ফুলি তাতে মাৰ যাব,
চৰায়ে সঙ্গীত এৰি নিতাল মাৰিব,
তেতিয়াহে তোমালই পাহৰিম মই
তেহে মোৰ তাঁৰ গছি গাতে পাব লয়।
নুশুনিম, শেহ নিশা ফেঁচাৰ কুৰুলি,
শুভদিন উৎসৱত পৱিত্ৰ উৰুলি;
নপৰিব জুৰ লগা চন্দ্ৰৰ কিৰণ,
নব’ব সন্ধিয়া আৰু মলয় পৱন;