পৃষ্ঠা:অঞ্জলি.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
অঞ্জলি


তেনেহ'লে মোৰ প্ৰেম নকমে তোমাত,
 দেখুৱাবা বিশ্ব-হিয়া মেলি।
নিয়ৰৰ মাজে দেখি পূৰা জোনবাই
 শৰতৰ আদি সময়ত,
যেনি তেনি গই থাকোঁ তাকে মাথো চাই,
 ভাগৰো নেলাগে শৰীৰত।
সেইদৰে আঁতৰতে তোমাকো দেখিলে
 চাই থাকিবৰে মন যায়,
ৰিণি ৰিণি সৰু মাত তোমাৰ শুনিলে
 শুনিও হেঁপাহ নপলায়।
ভাল পাওঁ মাজে মাজে তোমাক দেখিলে
 সদাই নেলাগে চাবলই,
দিনত লুকাই থাকি নিশা দেখা দিলে
 ভক্তি মোৰ বাঢ়ে তোমালই।
নোহোৱা অকল তুমি মোৰ অন্তৰৰ
 শান্তি দিয়া স্বৰগৰ ৰাণী,
তোমাৰ সুখত সুখী এই জগতৰ
 জীৱ থকা যত বিধ প্ৰাণী।