পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 অজামিল উপাখ্যান । কৰে আন কনা কানি, যদি শুনে ঝন ঝনি, থমকি শুনয়ে কান পাতি ৷ অন্যে অন্যে বোলে শুন, যোনো গায়ে হৰি গুণ, পলাইবাক লাগি বান্ধে গতি | মহা ত্ৰাশ হুয়৷ আতি, সপোনতো চেঞ্চাই আতি, পলা পলা চক্রে খেদি পাইলে । এহি মতে দূত গণে, অসুখ অসান্তি মনে, পলাই বৈষ্ণৱক লাগ নেদি ! কহিলে! নৃপতি মৰ্ম্ম, কৃষ্ণৰ কীৰ্ত্তন ধৰ্ম্ম, জগত মঙ্গল ইসে নিজ । মহা মহা পাপরাশি, এহিসে বিনাশে আসি, উভাৰে পাপৰ যত বিজ । কৃষ্ণ গুণ নাম স্মৰি, শ্ৰৱণ কীৰ্ত্তন কৰি, যেন মতে শুদ্ধ হুই নৰে । কোটি তীর্থ ব্ৰত তপে, কোটি যাগ যোগ জুনে, নেহি মতে পৰিত্ৰাণ কৰে ৷ কৃষ্ণ পদ পঙ্কজৰ, মধু পীয়ে যিতো নৰ, মিলে মহা বীৰকতি তাৰ মন নপৰে কৰ্ম্মত । কৃষ্ণতেসে কৰে ৰতি, ঘোৰ দুখময় বিষয়ত ।