পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । ধৰ গৈয়া বলে, বান্ধি হাতে গলে, ঝান্তে আন যাতনাক | সেহি মহা ৰণ্ড, পৰম পাষণ্ড, দণ্ডে কোবাই কৰ চুৰ চিনাইলো পৰয়া, মোৰ আজ্ঞা লৈয়া, মনুষ্য লোকত ফুৰ দূতক এতেক, কহি যমে পাছে, কৃষ্ণৰ দিশক চায় । কৰি কৃতাঞ্জলি, বুলিলা বিনয়, হুৱা অৱনত কায় । তোমাৰ নামৰ, মহিমা নজানি, দূতে কৰিলেক দোষ । সেৱকৰ দায়, পাৰয় প্রভুকো, ইসে ভৈল অসন্তোষ ক্ষেমিয়োক স্বামী, জানিবাহা আমি, কৰিলো ইটো অকৰ্ম্ম । হুয়োক সদয়, প্ৰভু কৃপাময়, মহস্তৰ ক্ষেম৷ ধৰ্ম্ম । এহি বুলি যমে, মৌন হুৱা ৰৈলা, কৃষ্ণৰ চিন্তি চৰণ ৷