পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 অজামিল উপাখ্যান । ষাত অধিকাৰ, তোমাক কহিবো, শুনিবি দুত সম্প্রতি ব্রহ্মা মহা দেৱ, কৰে যাক সেৱ, আছন্ত কৃষ্ণ ঈশ্বৰ । তান্ত পৰে আৰ, দেব নাই নাই, আমিও যাৰ কিঙ্কৰে । সনক সনন্দ, সিদ্ধে আৰাধন্ত, যাহাৰ পদ কমল হেন মাধৱৰ, চৰণ সেৱাত, বিমুখ যিটো নিষ্ফল । নৰকৰ পথ, ইটো গৃহ বসি, আতেসে ৰতি যাহাৰ । তাকে ধৰি আন, পাতকী প্রধান, তাতে আছে মোৰ দায় । ধর্ম্ম অন্তু পাম, কৃষ্ণ গুণ গান, নথাকে যাৰ জিহ্বাত । জগত তাৰণ, কৃষ্ণৰ চৰণ, নিচিত্তে যিটো হিয়াত ৷ ঈশ্বৰ কৃষ্ণক, বাৰেকো নকৰে, প্রণাম যিটো নিস্থল ।