এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
Bubur অজামিল উপাখ্যান । হৰি ভকতিক লাগি কৰিও প্ৰবন্ধু । কৃষ্ণক নুপুজে যিটো কিনো লোক অন্ধ । যাৰ নাম লৈলে মাত্ৰ সংসাৰক তৰি । হিয়াত আছন্ত হেন কৃপাময় হৰি ৷ যাবে নতু মিলে আমি দোৰ্ঘোৰ মৰণ ৷ সত্বৰে কৃষ্ণৰ পাৱে পশিৱো শৰণ । কৃষ্ণৰ চৰিত্ৰ শুনিওক অবিশ্রাম । সুখে দুখে মুখে নচাৰিবা হৰি নাম । কৰিলন্ত পাঞ্চাত্য কেশৱে পূৰ্ব্বত । মহা নিষ্ট কৰি ধনঞ্জয়ৰ আগত ! নাম বিনে অৰ্জ্জুন তাৰন্তা নাহি আন । নিৰন্তৰে বেদৰ এহিসে অবিধান । হেন জানি কৃষ্ণৰ চৰণ চিন্তা চিতে। কৃষ্ণ কথা অমৃতক পিয়া প্রতি নিতে । দোৰ্ঘোৰ যাতনা তৰিবাৰ কৰা কাম । নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম |