এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অজামিল উপাখ্যান 1 ডাঁহে ম’হে ছুম্পে তাক খায় তাতে ধৰি । নাহি নিজ৷ আতি আৰ্ত্তনাদে পাৰে গেড়ি । কেঞ্চুক পীপৰা গণে যেন বেঢ়ি খায় । ভুঞ্জে মহাযাতনা চেতন গাত নায় । বলি বিশ্ব দেৱ পঞ্চ যজ্ঞ ধৰ্ম্ম নিজ । তাক যিটো নকৰিয়া ভূঞ্জে যিটো দ্বিজ । কাক সম সিটো সৰ্ক ভক্ষ অনাচাৰ । পৰে কমি ভোজন নৰকত কুলাঙ্গাৰ । ঘোৰ কৃমি কুণ্ড গোট লক্ষেক প্ৰহৰ। ভুঞ্জে দুখ তাতে শত সহস্র বৎসৰ । কোটি কোটি পলু শৰীৰকে বেঢ়ি খায়। পলু বিনে তাহাৰ আহাৰ আন নাই ॥ ব্ৰাহ্মণৰ সুবৰ্ণক যিতো চুৰি কৰে । বিনা আপদত সামান্যৰ ধন হৰে । অগম্য গমন পাপ যিজনে আচৰে 1 যিটো স্ত্রি অগম্য নৰত ৰতি কৰে ৷ লোহাৰ প্ৰতিমা অগ্নি বৰ্ণ কৰি তাৰে । চাবুকে কোবায়া আনি তাকে সাবটাৱে । জাতি অন্ত জাতিক নবাচে মন্দ মতি । পৰদাৰ পাপতে সতত্ েকৰে ৰতি । १