পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান। বিষ্ণুৰ পৰম প্রিয় ভকত বান্ধৱ । g ভকত জনৰ মহা সুহৃদ মাধৱ 1 তাহৰ কাষক গৈলে হুইবি লণ্ড ভণ্ড । চক্রে কাটি তেখনে কৰিবে খণ্ড খণ্ড জানিয়া ফুৰিবি দ্রুত আপোনাক মানি । যথাত নুশুন কণে হৰি নাম ধনি । শ্ররন কীৰ্ত্তন যৈত নাহিকে প্ৰচাৰ সেহিসে স্থানত হত কৰিবি নিবাস ! কহিলোহে৷ হিত আৰ এৰিবি সংশয় । আপোনাক ৰাখিয়া কুৰিবি দুত চয় ! কদাচিতো বৈষ্ণৱৰ নচাপিবি পাছ । মোৰ বাক্য নকৰিলে হুইবি সৰ্ব্বনাশ । ম‍ই তোমাসাক দুনাই দুনাই দেয়ে৷ হাক । আপুনি বৰ্ত্তিবি তেবে ৰাখিবি আমাক বৈষ্ণৱৰ থাইক লাগি নকৰিবি গতি । এহি বুলি দুতক শিখাইল প্রতি প্রতি । শুনা সভাসদ পদ মহা ভাগৱত । অনুমাত্রে৷ সাৰ নাই ইটো সংশাৰত । মায়াময় বিষয়ত মৰিলাহা মজি । মিছাতে গৰালা কাল কৃষ্ণক নভজি !