পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । নাম ধৰ্ম্ম এৰি হুইবে পাষণ্ড পৰাই ৷ নখণ্ডিলে প্রায়চিত এছি অভিপ্রায় ৰাখিলন্ত কৰ্ম্ম কাণ্ড অজ্ঞানীৰ পদে। কৰ্ম্মীক নেয় ধোৰ সংসাৰ আপদে জন্মে জন্মে কৰি আছে পাপৰ পৰ্ব্বত । আজোৰন্তে নাম নামে তাহাৰ মুখত । নলৱে সত্তৰ সঙ্গ স্বীকাৰ নেৰম্ভ । জানিবা সেহিসে নিজ পৰম পাষণ্ড ৷ জন্ম জন্মে আৰাধিলে যিতো মহাহৰি । তাহাৰ জিহ্বাত নাম আসে সৰ সৰি । তাৰ কৃষ্ণ কথাত উপজে আসি ৰস । সি সি গুণৱৰ্ত্তে গাৱে হৰি গুণ যশ । সেহি জন আন একো পুণ্যক নেদেখে । হৰি ভকতক পাইলে প্রাণ সম দেখে উপজে কৃষ্ণত প্ৰেম মনে ধৰে ৰূপ ৷ জীৱন্তে কৃষ্ণক পাইলে কহিলে৷ স্বৰূপ ৷ হেন বিমৰিযি যিটো মহা বুদ্ধিমত্ত ৷ অত্যন্ত কাটিত ভজে গুরু ভগৱন্ত । শ্রবণ কীৰ্ত্তন নাম নছাৰে মূখত । মোৰ দণ্ড যোগ্য নুহি যিটো গুণীনৰ । b b8