পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

029 অজামিল উপাখ্যান মায়ায়ে মুছিলে নুৰুজিলে বেদ বাণী । কৰ্ম্ম কৰি অক্ষয় স্বৰ্গক মনে মানি। কৰ্ম্ম কাণ্ড বেদতেসে মতিভৈল জড়। যপ জজ্ঞ ব্রত কেসে বোলে কৰ্ম্ম বৰ । বেদ সান্ত্র নজানি কিছুৰ নাহি মাত্ৰ । এৰিলেক কৰ্ম্ম ৰাম বুলি মৰে মাত্ৰ ভকতিকে৷ কৰি ফুৰে অনেক ধিক্কাৰ ৷ কশ্মিৰো নুগুছে মহা মোহ অহঙ্কাৰ ৷ তাহাৰ নিদান কহো শুন দুতগণ । কৰ্ম্ম মলে চূৰ্ণ কৰে অজ্ঞানীৰ মন । কৃষ্ণ হেন ঈশ্বৰক কিঞ্চিতো নাজানে । মন্ত্র তন্ত্র কৰ্ম্মকেসে মহন্ত বাখানে পৰম কঠিন যন্ত্ৰ দুস্কৰ কৰ্ম্মত । সদায়ে তাহাৰ স্ৰদ্ধা মুগুছে মনত কোমল অক্ষৰ শ্ৰেষ্ঠ ৰাম কৃষ্ণ নাম । অল্প বুলি এৰি বোলে আত কোন কাম কৰ্ণে মুশুনয় আৰ কথাক কহন্তে । নাম উপদেশ নেদে এতেকে মহন্তে । এহি জানি হৰি নাম পৰম মঙ্গল । যাক উচৰিলে পাৱে মহ! মোক্ষ ফল ।