এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অজামিল উপাখ্যান লাজ কাজ মৰ্যাদাক এৰিলে যেন নট । মিলে ছাগলিত দ্বিজ হেনসে লম্পট । কহিলো বেদৰ তত্ত্ব জানি নিশ্চয়। নামৰ আভাষে মাত্র হোৱে পাপক্ষয় । এতেকে তৰিল পাপ বন্ধনত হত্তে । পাইলে মুকুতি নাম সুমৰি মৰন্তে । এতেকে নছাৰে কৃষ্ণ চৰণত মতি । ইহাৰ প্ৰমান জানস প্রেম ভকতি । বুলিবি নামেসে সাধে যেবে সবে অর্থ । শ্রুতি সাস্ত্ৰ মানে তেবে সবে ভৈল ব্যৰ্থ । হৰিৰ নামেৰে পাৰে পাতক খণ্ডিত । কিয় ঋষি সবে বিহে আন প্ৰায়ছিত । ইহাৰ উত্তৰ শুন যেন দূত গণ । বাৰ্ত্তা জানি আত পৰে যত মহাজন পৰম ৰহস্য হৰি নামক নাজানে । বিহে আন প্রায়শ্চিত কােসে বাখানে । যেন মৃত্যু সঞ্জিবী ঔষধতে সাৰ । · সবাকে৷ জীৱায়ে হেন প্ৰভাৱ তাহাৰ । মন্দ মতি বৈদ্য সবে তাহাক নজানি । আনসে ঔষধ দেই ৰুগীয়াক আনি৷