পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । আশ্চর্য্য আশ্চর্য্য, ভাৰতৰ নৰ, কিনো মন্দ কৰ্ম্ম কৰে । হৰি হেন নাম, আছম্ভ তথাপি, যাতনা তাপত মৰে ৷ ঈশ্বৰ কৃষ্ণক, নভজি আনক, ইন্ট দেৱ বুলি মানে । কিনো হত বুদ্ধি, ভৈলম্ভ তথাপি, কৃষ্ণক নাভাবে মনে । পদ। নিগদতি শুক শুনিওক নৃপবৰ ৷ ষমক পুছিলে দুনাই দাৰুণ কিঙ্কৰ ৷ এক বাৰ উচৰিলে নামৰ আভাষ । কিমতে সমস্তে পাতক তাৰ ভৈলা নাশ । শ্রদ্ধায়ে সততে ভক্তি ভাৱে নাম ধৰে । তাহাৰেসে সমস্তে পাতক নামে হৰে ৷ অনুদিনে আদৰে হৰিৰ নাম লৱে । তাৰেসে পতিক গুছে আনো সাস্ত্রে করে