এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অজামিল উপাখ্যান । 95 A নামৰ মহিমা, জানিল মাত্রকে, সংসাৰত পাৱে পাৰ । দুৰ্ল্লভ মুকুতি, বৈকুণ্ঠে ভুকুতি, অপ্রয়াসে মিলে তাৰ ৷ মনুষ্য লোকত, এহি মান মাত্র, পৰম ধৰ্ম্ম সম্প্ৰতি । শ্ৰৱন কীৰ্ত্তন, কৰিয়া নামক, কৃষ্ণত কৰে ভকতি । ইহাৰ প্ৰমান, পুশুধিবি দূত, এহি সত্য বেদ বাণী । যাতনাত পৰি, মৰে যত প্ৰাণী, এহিতো ধৰ্ম্ম নজানি । দেখ দেখ দুত, হৰিৰ নামৰ, অচিন্ত্য কেন প্ৰভাৱ ৷ দোৰ্ঘোৰ সংসাৰ, সাগৰ তীৰতে, নামেসে সুদৃঢ় নাৱ নাম এৰি আন, মতে মোক্ষ চাৱে, নুহিকে দিটো পণ্ডিত । জানিবি মুখ্যতো, অধিক সেহিসে, তাহাৰ মত খণ্ডিত ॥