পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

96 দেৱৰ নিমিত্তে, অজামিল উপাখ্যান গুপ্ত কৰিয়৷ থৈলা । নামক পুৰ্ব্বত, পদ্ম কলণত, ব্ৰহ্মা আৰাধন্ত, নাৰায়ণে তাত কৈলা । কিছু কিছু কৰি, প্ৰবৰ্ত্তিল নমি, কেন মহা ধৰ্ম্ম দেখা নামৰ মহিমা, জানে যত লোক, শুনা দেৱ তাঁৰ লেখা ॥ ব্ৰহ্মা মহেশ্বৰ, প্রহ্লাদ নদি, কপিল কুমাৰ মুনি ।” ভীষ্ম স্বায়ম্ভব ব্যাস শুত শুরু, জনকো জানা আপুনি ॥ দৈত্য শুত বলি, মই বম ৰাজা, মোৰ কিনে৷ ভাগ্যোদয় । এহি বাৰ জন, জানা ইটো ধৰ্ম্ম, জানিবা ইটো নিশ্চয় । কোটি তপ তীর্থ, ঘটতো কৰিয়া, নামেসে পবিত্ৰ কৰে । যতেক গুনয়, তথাপি নামত, বিশ্বাস কেহো নকৰে