পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । সংসাৰত আছে জীৱ জন্তু যত মানে । নকৰে৷ সবাকে সাস্তি দেখ বিদ্য মানে । মনুষ্য মধ্যত যিটো পাতকী নিম্বল । তাকেসে যাতনা ভুঞ্জাই কৰে৷ দণ্ড ফল । পাতকী জনক মাত্ৰ মোৰ অধিকাৰ । কৃষ্ণৰ কিঙ্কৰ মই জানা সাৰে সাৰ কৃষ্ণৰেসে আজ্ঞা মই ধৰি প্ৰতিনিত । কৰো যে পাপীক উচিত প্রায়শ্চিত্ত । ঈশ্বৰৰ ঈশ্বৰ হেনসে কৃষ্ণদেৱ । ব্রহ্মময় মুৰ্ত্তি যাত পৰে নাহিকেৱ । ইন্দ্ৰ চন্দ্ৰ ব্ৰহ্মা বহ্ণি শিৱ সূৰ্য্য কাল । কুৰেৰ বৰুণ বায়ু দশ দিগপাল । যত প্রজাপতি ময় আদি যতদেৱ। যাহাৰ লীলাক আমি নাজানোহো কেৱ । মহ। ঋষি সব যাৰ মায়ায়ে মোহিত । নজানন্ত ঈশ্বৰ কৃষ্ণত নাহি চিত্ত । তাক জানিবেক আবে আন কোন নৰে । একে এক শৰণীয়া ভকতত পৰে জন্মে জন্মে আছে যাৰ পাপৰ পৰ্ব্বত । হিয়াত থাকম্ভ যাৰ নুহিকা বেকত ! १७