এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
95 অজামিল উপাখ্যান । পাপী অজামিল, বৈকুণ্ঠে চলিল, নাৰায়ণ নাম ঘুষি ॥ দাসীৰ কুমাৰ, ভৈল অৱতাৰ, নাৰদ নামৰ বলে । আক শুনি মৰে, নামক নধৰে, কোননো বিধতা চলে । নাই তপ ব্ৰত, কলিত জগতে, নামেসে পৰম ধৰ্ম্ম । বেদৰ সাৰক, নধৰে নামক, সাস্ত্ৰৰো নুবুজে মৰ্ম্ম । যাত আছে বুদ্ধি, ধৰিও ওষধি, সংসাৰ ব্যাধিৰ নাম । ভণিলা শঙ্কৰে, নিৰন্তৰে নৰে, ডাকি বোল৷ ৰাম ৰাম | পদ। নিগদতি শুরু শুন৷ নৃপ পৰীক্ষিত । নামৰ মহিমা আৰু মহা বিপৰিত । ধন্য ৰাজা কৃষ্ণৰ কথাত মিলে স্বাদ । যমৰ দুতৰ আবে শুনিয়ে৷ সম্বাদ ॥