পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । যি মুখে খাইলে ছৱৰায় সেহি গালে । গোৰ অন্ধ কাৰ নৰকত পেলাৱে নিধালে গুৰি কটা গছ যেন পৰি থাকে আতি । হোৱে অচেতন তাতে দুতে কৰে সাস্তি ! নিজ দেহ নিজ পুত্ৰ ভাৰ্য্যা মাত্র পোষে । যিতো মন্দ মতি আতি অন্য দ্রব্য সোষে ! সেহি পাপে ৰৌ ৰৌ নৰকত পৰে যায় । কুৰূপ পশু সবেওঁ মাংস ছিণ্ডি খায় যিতো যিবা পশু পক্ষি ধৰি আনি বান্ধে । নকাটি নমাৰি জীৱন্ততে তাক ৰান্ধে | ধৰি যম হতে তাক মেষ যে কাটে । কুম্ভি পাক তপ্ত তৈলে পেলাইয়া ভাজে পৰম অধম যিটো কৰে ব্ৰহ্ম বধ । কাল সুত্ৰে পৰি হোৱে শৰীৰ দগধ ॥ অযুত যোজন মান মণ্ডল আকাৰ । তপত তাম্ৰৰ খোলা দেখি চমৎকাৰ তলত অগনি উপৰত অগ্নি তাপে। তাতে পৰি পোৰে ব্ৰহ্ম বধি মহাপাপে # উঠে পৰে শোৱে কতো তাহাতে পৱৰে । ক্ষুধায়ে তৃষ্ণায়ে তাতে মুৰ্চ্ছা গৈয়াপৰে ।