পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

860 অজামিল উপাখ্যান । কিবা আসে বুলি উর্দ্ধ দৃষ্টি কৰি চাইল । ক্ষণেকতে ৰথ আমি সন্নিত ছপাইল । ৰিমানত দেখে সেই পৰিষদ চাৰি ৷ পৰম সুহৃদ মোৰ মহা উপকাৰি । এসন্ধে কৰিলে যম যাতনাত ত্ৰাণ । আনন্দে দ্বিজৰ দেখি উলসিল প্ৰাণ ॥ মিলিল সন্তোষ সবে শৰীৰ দিহৰে । দুয়ো নয়ণৰ পৰা সৰ সৰি পৰে । ডাক চাৰি উচ্চৰিল৷ ৰাম কৃষ্ণ নাম ৷ চাৰিকো কৰিলা শিৰে পৰিয়৷ প্ৰণাম জুনাই দ্বিজ অজামিল কৃতাঞ্জলি উঠি চাৰি পাৰিষদক নিৰেখে মন তুষ্টি । তাম্বাৰ ৰূপত লাগিল যেন ধ্যান । তেখনে ছাৰিলা বিপ্রে কৃষ্ণ বুলি প্ৰাণ গঙ্গাত পৰিলা সিটো শুক্ল কলেৱৰ । কৃষ্ণৰ স্বৰূপ ৰূপ পাইলে জ্বিজবৰ । চাৰু শ্যাম ৰূপ তাতে জলে পীতবাস | নবীণ মেঘত যেন বিজুলী প্ৰকাশ ৷ শিৰত কীৰিতি কৰ্ণে মকৰ কুণ্ডল । নয়ন কমল মুখ চন্দ্ৰৰ মণ্ডল । ।