এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অজামিল উপাখ্যান । হেনবা বুলিবি দ্বিজ দুষ্ট দুৰাশয় ৷ জ্ঞানে কৰি আছে ইটো মহা পাপ চয় । লক্ষ কোটি প্রায়ছিতে নাহিকে নিস্তাৰ । একে নামে মাত্র কেনে নিষ্কৃতি ইহাৰ দিৱো আৰু উত্তৰ শুনিও তিনি দুত। হৰি নাম মহিম৷ কহন্তে অদ্ভুত ! ব্ৰহ্ম বধ স্থৰা পান অগম্য গমন । মহা পাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ । আনো আনো জগতৰ যত পাপ গণ ৷ সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্ত্তন ॥ হৰি হৰি বুলি যিটো উচ্চৰে সম্প্ৰতি । তাহাকো লাগিয়া যাই মাধৱ মতি ॥ ইটো মোৰ ভৈল বুলি কৰে গদাধৰি । পাপ খেদাইয়া ৰক্ষা কৰি ফুৰে হৰি । নাম লৈলে মাধৱে নেৰন্ত তাৰ কাশ। যেন ধেনু স্নেহত বৎসৰ নেৰে পাছ । নাম ধৰ্ম্ম হেনসে কৃষ্ণক কৰে বশ্য । নামৰ মহিমা ইটো বেদৰ ৰহশ্য ঋষিগণে বহিয়াছে প্রায়ছিত যত। জাগ যোগ জজ্ঞ জপ তপ তীর্থ ব্ৰত ! 8 >