এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+90 অজামিল উপাখ্যান। পদ। নিগদতি শুরু শুনা নৃপ নিশবদে । দুতৰ বচন শুনি চাৰি পাৰিষদে । ডাকিয়া বোলন্ত শুন যমৰ কিঙ্কৰ । পৰম ৰহস্য ধৰ্ম্ম নাজান বেদৰ ॥ যতেক কহিলি মানে ধৰ্ম্ম মায়া ময়। মহা পুণ্য কোন তাক নজান নিশ্চয়। এহি মতে কৰ পাপী জগতকে নাশ । ৰাজা ভাল ভৈলে তাৰ ভাল হোৱেদেশ ॥ কিছু নুবুজন দণ্ডি বাক লাগে কাক । পাইলেক অধর্ম্মে ধৰ্ম্ম ৰাজাৰ সভাক ॥ নিষ্পাপীক কৰে দণ্ড কিনে৷ মহা কষ্ট । জানিলোহো আবেসে জগত ভৈল নষ্ট । সি যি মহা সাধু পুত্ৰৰতে পালে প্রজা। কৰে সমুচিত শাস্তি সি যি ধৰ্ম্ম ৰাজ। । অনাদায়ে দণ্ডে নুহি ৰাজাৰ লক্ষণ । ভৈল নষ্ট লৈবে লোকে কাহাত শৰণ ॥