এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অজামিল উপাখ্যান । ৩৭ কৃষ্ণে পিতা মাতা, উপদেশ দাতা, কৃষ্ণেসে হুহৃদ নিজ । কৃষ্ণে ধন জন, তীর্থ অর্থ কাম, কৃষ্ণেসে মুখ্যৰ বিজ । কৃষ্ণক বিনায়, নাহিকে সহায়, কৃষ্ণেসে পৰম গতি । জানিয়া সম্প্রতি, কৰি দৃঢ় মতি, কৃষ্ণত ধৰা ভকতি । যত দেখা শুনা, যিবা মনে গুণা, সিসব সকলে ধান্দা । পৰম বান্ধৱ, মাধৱৰ নাম, প্রবন্ধে গলত বান্ধা । নামৰ চৰণে, সংসাৰত ৰয়, মৰণ সমল নাম । ৰচিলা শঙ্কৰে, নিৰস্তৰে নৰে, ডাকি বোলা ৰাম ৰাম |
8